পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ফল ফুল জল চন্দন ভুষণ,
                 মলয়াৰ শীতলী বা,
মানুহ সন্তোষ হক বুলি চোৱাঁ
                 আছে যত লাগে যিবা৷
হাঁহিছে মানুহে, কান্দিছে মানুহে,
                 পাতিছে মানুহে প্ৰেম,
ধূলিতে উদয়, ধূলিতে বিলয়,
                 ধূলিও স্বৰ্গীয় হেম৷

।।৪।।

মোৰেই জগৎখন মোকেই মাতিছে,
গৃহস্থলৈ আলহীৰ আসন পাতিছে৷
মোৰেই বচন হৰি মোকে আদৰিছে,
চিৰচিনাকিৰে নকৈ চিনাকি পাতিছে৷
মোৰেই বাতৰি আনি মোকেই শুনায়,
মোৰ বেহানিৰে দেখোঁ মোকে ফুচুলায়৷
মোৰ দাপোনতে মোৰ মুখ দেখুৱায়,
মোৰ মুখাকেই পিন্ধি সুন্দৰ বোলায়৷
মোৰেই সেন্দূৰ, তেল মোৰ মূৰত ঘঁহে,
মোৰ পৰা ধাৰে নিয়া ৰূপেই মোক মোহে৷
মোতে শিকি দেখুৱায় মোকে মোৰ ভাৱ,
মোৰেই বাঁহীটি কাঢ়ি বজাওঁ বজাওঁ৷
মই অঁৰা চন্দ্ৰতাপ মোৰেই মূৰত থয়,
জোন বেলি তৰা মাথো হীৰা মুক্তাময়৷