পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণায় নমোনমঃ।


বিৰাট পৰ্ব্ব।


পদ।


জয় জয় দৈবকীনন্দন দামোদৰ।
ভকত বৎসল নমো সৰ্ব্ব বিঘ্নি হৰ।৷
কৃষ্ণৰ চৰণে কৰোঁ সহস্ৰ প্ৰণতি।
হৃদয়ত থাকি মোক দিয়োক সুমতি॥১
উত্তম জনক মই কৰো নমস্কাৰ।
অল্পমতি দেখি দোষ ক্ষোমৰা আমাৰ।২
গৰুড়ৰ উড়াৱ যদ্যপি সম নাই।
পখা অনুৰূপে পক্ষী তেবে কি নুড়ই॥৩
ধৌম্য পুৰোহিত আৰু ৰাজা যুধিষ্ঠিৰ।
দ্ৰুপদৰ নন্দনী কনিষ্ঠ চাৰি বীৰ॥৪
এই সাত জনে গূঢ় সমাজ পাতিল।
চাৰি ভাইক সম্বোধিয়া নৃপতি বুলিল॥৫
দ্বাদশ বৎসৰ থাকি বঞ্চিলোঁ‌ নিৰ্জ্জনে।
চিনিবে নপৰে কেহো হেন জানা মনে॥৬