পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বিৰাট পৰ্ব্ব।

ৰাজা আদেশিলে ধনঞ্জয়ো গীত গাইল।
নাছন দেখাইলা বহু বিধ বাদ্য বাইল॥ ৩১৬
বাদ্যৰ কোহ্লালে বহু বিধ নৃত্য গীতে।
নোহন্ত পুৰুষ হেন জানিলন্ত চিতে॥ ৩১৭
তেবে পঠাইলন্ত ৰাজা অন্তেশ পুৰক।
অৰ্জুনতে সমৰ্পিল কুমাৰীগণক॥৩১৮
নৃত্য গীত শিখাইবেক তথাতে থাকন্ত।
মাতৃৰ গৰ্ভত যেন দুনাই পসিলন্ত॥৩১৯
উত্তৰাক আদি কৰি যত কন্যাগণ।
নিতে নিতে পূজে ধনঞ্জয়ৰ চৰণ॥৩২০
একো জনে নিছিনিল আছিলা তহিতে।
দ্ৰৌপদী অৰ্জুন ভীম তিনি সমম্বিতে॥৩২১
অনন্তৰে নকুলে চাবুক ধৰি হাতে।
অশ্ববন্ধ ৰূপ ধৰি প্ৰবেশ সভাতে॥৩২২
শাৰি শাৰি ঘোড়া আছে ৰাজাৰ আগতে।
তাকে চাই ৰহিলন্ত ঘোড়া ওচৰতে॥৩২৩
ঘোড়াৰ ওচৰে ৰজা নকুলক দেখি।
সমাজত পুছিলন্ত খানিকে নাপেক্ষি॥৩২৪
এগোটা সুন্দৰ নৰে চাহি ফুৰে হয়।
এহি হয় জ্ঞান জানৈ কহিলো নিশ্চয়॥৩২৫