পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাট পৰ্ব্ব।

পাসা খেলি কৌতুক কৰাইবোঁ ৰাত্ৰি-দিন।
মোহমত্ত হৈবো মোক নেদেখিবে ভিন॥২৭
সাজি পাসা-বাৰি দিবোঁ হস্তিৰ দন্তৰ।
কৃষ্ণ-ৰক্ত চিহ্ন বৈদুৰ্য্যৰ সুবৰ্ণৰ॥২৮
পাসা জিনি নিবোহোঁ সুবৰ্ণৰ লস।
এহি কৰ্ম্মে নৃপতিকো কৰিবোহো বস॥২৯
চাপ সমে সাজিবোহো কৰি বিতোপন।
পাঞ্চ গুটি পাস বটি হস্তিৰ দশন॥৩০
চাৰিৰ পিঠিত চাৰি চাৰি ঠাইত চিহ্ন।
খেলাইবাৰ বেলা যেন দেখি ভন্ন ভিন্ন॥৩১
বৈদুৰ্য্য শ্যামল বৰ্ণ সুবৰ্ণ ৰচিত।
ইন্দ্ৰলব কৃষ্ণবৰ্ণ প্ৰবালে লোহিত॥৩২
পাসা খেলিবাৰ চৰ্ম্ম সাজিবোঁঁ কুশল।
চকত লগাইবোঁ তাত সুবৰ্ণৰ জল॥৩৩
যেবে মোত পুচে তেবে কহিবো ৰাজাত।
কঙ্ক নামে দ্বিজবৰ জগতে প্ৰখ্যত॥৩৪
মোৰ প্ৰিয় সখা যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।
আমাক এড়িলে তেবে তৈতে বন মাঝ॥৩৫
এহি ৰূপে খ্যাত হৈবো বিৰাট ৰাজ্যত।
একো জনে নিচিনিব অজ্ঞাত বাসত॥৩৬