বিচাৰ কৰাৰ ভাৰ এতিয়া সমূহ ৰাইজৰ ওপৰত। জগৎখনিকে আমি সম্পূৰ্ণকৈ দেখিবলৈ সমৰ্থ হোৱা নাই । গতিকে আমাৰ ক্ষুদ্ৰ ৰচনাই যে সম্পূৰ্ণকৈ কিবা দেখুৱাব বা দিব পাৰিব ই অতি দুৰূহ । সি যি কি নহওক ৰাইজৰ বস্তু এতিয়া ৰাইজলৈ আগ- বঢ়াই আমি আন কাম হাতত লবলৈ সাজু হলোঁ । ক্ষুদ্রপুথিয়ে ৰাই- জক যদি কিবা দিব পাৰে তেনেহলেও পৰিশ্রম সার্থক মানিম । কেইটামান ওখ খাপৰ বস্তুক ডেই যি ক্ষুদ্ৰ পুথিয়ে ৰাইজৰ সাহিত্য ক্ষেত্ৰলৈ বাট ল'লে সেইপুথিৰ বাটেদি যাতে বাটৰ মূৰত ৰৈ থকা বাকী সকলেও বাট লবলৈ সুবিধা পায় তাৰ নিমিত্তে সহৃদয় পাঠক- পাঠিকাসকলে যেন চেষ্টা কৰি আমাৰ মনৰ কামনা পূৰণ কৰে। কাৰ্য্যেৰে সহানুভূতিৰ চিন পাবলৈ আমি বাটলৈ চাই থাকিলোঁ । সৱশেষত ৰাইজক সৰল অন্তঃকৰণেৰে জনাওঁ যে ৰচনাখনি গঢ়াৰ আগতে নাজিবা গভর্ণমেণ্ট এইডেড্ হাইস্কুলৰ ভূতপূৰ্ব্ব সহ- কাৰী শিক্ষক, এতিয়া ব্রাহ্মণবাড়ীয়া আদালতৰ উকীল নিবেদকৰ পোন-পতীয়া বন্ধু শ্ৰীযুত জগদীশচন্দ্র ভট্টাচাৰ্য্য, বি, এল মহাশয়েৰে সৈতে। “বিহু”ৰ বিষয়ে জ্যোতিষশাস্ত্ৰৰ পিচ ধৰি আলোচনা কৰি ছিলোঁ সেই আলোচনাই ৰচনাখনিক বহুত সহায় কৰিলে । গতিকে তখেতৰ নিমিত্তে অন্তৰৰ কৃতজ্ঞতা জনালোঁ ৷ পুথিখনি প্রকাশ কৰিবলৈ উৎসাহ দিয়া বাবে সাংসাৰিক কামৰ সহযোগী বন্ধুবৰ শ্ৰীযুত দেবজান দাস পণ্ডিতৰ ওচৰত কৃতজ্ঞতা পাশত বদ্ধ হলোঁ । অসমীয়া সাহিত্যক্ষেত্ৰত স্বনামধন্য আৰু আমাৰ সাহিত্যিক সকলৰ পূজ্য শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, বি,এ, ডাঙ্গৰীয়াই অনুগ্ৰহ কৰি তেখেতৰ বাঁহী কাকতত প্ৰকাশ হোৱা “বিহুৰ বঁটা আৰু
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৯
অৱয়ব