এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বিহুৰ বঁটা আৰু ওলগ । ভাই অসমীয়া ! আত্মসম্মান শিকা। আত্ম মৰ্য্যাদা অমূল্যধন । নিজৰ ক্ষমতা আৰু শক্তিত বিশ্বাস কৰিবলৈ শিকা । তেনেহলেই তোমাৰ হেৰোৱা মনুষ্যত্ব তুমি আকৌ পাবা, তেনেহলেই অসমীয়া জাতি এই পৃথিবীত আকৌ মানুহমুৱা হৈ উঠিব পাৰিবা । শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা ৷