বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র গাভৰু সকলোৱে আগত আশাৰ চিন লৈ ৰঙত তোলপাৰ লগাইছে । পেঁপা, মূৰলী, ঢোল ডগৰ ইত্যাদি গাঁৱত সকলো ঠিকঠাক। দোকানে পোহাৰে মানুহৰ জুমাজুম । বতৰ মুকলি। হাহ কনী বিচৰাই হাঁহকনী বিচাৰিছে । হাবিলৈ যোৱা হাবিলৈ গৈছে। হাট-বজাৰলৈ যোৱা হাট-বাজা- ৰলৈ গৈছে। উদঙ্গীয়া গৰু-ম'হবিচৰাই তাকে বিচাৰি ফুৰিবলৈ ধৰিছে। লাও বেঙ্গেনা বিচৰাই লাও বেঙ্গেনা বিচাৰি ফুৰিছে, দীঘলতি মাখিয়তী বিচৰাই তাকে বিচাৰি ঘুৰি ফুৰিছে, গাঁৱৰ পিজৌ কানী- য়ায়ো লোকৰ লগতে হৰিভৰ দি কাণত ফটা গামোছা খনলৈ ঘুৰি ফুৰিছে। গাৱৰ প্ৰায় ডেকাল'ৰাই চিলা-পখৰা · জমাল, কোট-ছাদৰ, আৰ্চি-ফণি,— লং দালচেনি কিনি লৈ ৰঙত বিভোল। এইদিনেই বছৰ বিদায় দিনৰ আগজাননী । বাতিটি শেষ হৈছে মাথোন এনেতে নতুন বছৰৰ কৰ্ত্তব্য কৰ্ম্ম- সেৱাৰ মহাৱিষুর সংক্রান্তি জাননী আহি উপস্থিত হ'ল ৷ এইটিয়েই মানবৰ কৰ্ম্ম জীৱনত ৰস দিওঁতা মহোৎসৱ । ইয়াকেই মহাৱিযুৱ- বা বহাগ-বিহু। মহাবিষুৱ সংক্রান্তি বোলে ৷ এয়েই বহাগৰ বিহু বা চ'তৰ বিহু । সংক্ৰান্তিৰ গুণাগুণ ৷ এই তিথিত দান-দক্ষিণা কৰা এটি শুভকাৰ্য্য। দীন- [ 27 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪২
অৱয়ব