অনুষ্ঠাণ ধৰ্ম্ম-প্রকাশ । - নীতি-নিয়ম - আৰু তাৰ উদ্দেশ্য। পুৱতী। বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র আৰাধনা কৰি জ্বলন্ত মে-জিৰ কেউফালে জাৰ গুচাবৰ কাৰণে জুইৰ তাপ লয় । তাৰ পিচত খোল, তাল. ঢোল, মৃদঙ্গ, ইত্যাদিৰে মে-জিৰ কেউফালে ঘুৰি ঘূৰি হৰি কীৰ্ত্তন কৰে । এই দৃশ্য অতি ধৰ্ম্ম- প্রাণময় আৰু চিত্তাকর্ষক। এনে সময়তে ঢ়েৰুৱা- মে-জিত জুই লগায় ৷ পুৱাৰ আগতে যে-জিত জুই নিদিলে সেই মেজি অশুচি হোৱা নীতি আছে। কিন্তু পোহৰত ইয়াক জুই জলোৱাৰ উদ্দেশ্য এই যে ফটফটাই শব্দ কৰি নিমিষতে তলৰ পৰা আকাশলৈ জিভা মেলি ধোৱাৰ দৃশ্ত ষাতে সকলোৱে দেখিবলৈ পায় । গতিকে অৱস্থা অনুসৰি ইয়াৰ নিমিত্তে সুকীয়া নীতি উদ্ভৰ হ'ল ৷ তাৰ পিচত হোম ধৰত . জুই দি চেঙেলীয়াহঁত দিহাদিহি গুচি যায়। ' ঢল- পুৱতী নিশা অর্থাৎ সংক্ৰান্তিৰ ৰাতিপুৱা কাউৰ কুকুৰ মাটিত নৌ পৰিবলৈ পাওঁতেই গৃহস্থৰ এজনে গুটি ধৰা গছত 'থেৰ পকাই একোটি একোটি বান্ধ- নীৰ গাঁথি দিয়ে ৷ প্ৰত্যেক ভৰালৰ খুটাতে তেনে ধৰণৰ গাঁথি একোটি একোটি দিয়ে ৷ সেই সংক্ৰান্তিৰ আগৰাতিৰ ঢল-পুৱতী নিশা প্রত্যেক গছত তেনে বান্ধ দিলে গছত ভালকৈ গুটি ধৰে বুলি [ 23 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৬
অৱয়ব