কাতি-বিহুৰ প্ৰকৃতিৰ পৰিচয় আৰু তাৰ উদ্দেশ্য । কাতি বিহুরে ক বিষ্ণুর সংক্র বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র লোকে কোৱা আছে। এই তিনিটি বিহুৰ উৎসৱে নিজৰ নিজৰ অৱস্থা অনুসৰি বেলেগ বেলেগ উপাধি পোৱাৰ ভাল কাৰণ আছে। ক্ষেত্ৰত যোগ দিয়া উদ্যোগী কৰ্ম্মী হিন্দু সকলে গোটেই বাৰিষা কাল শস্যৰ ক্ষেত্ৰৰ কামত ব্যস্ত হৈ বছেৰেকলৈ পেটৰ আহাৰৰ যি সম্বল লাগে সেই সম্বল ক্ষেত্ৰত ঠিক কৰি নাঙল ধুই থৈ আহিনৰ শেষ দিনা — শৰতৰ ঘোৰ আমোলত হিন্দুৰ প্ৰত্যেক ঘৰত এটি এটি যথা বিহিত খোৱা বস্তু যো-যা কৰাত ব্যস্ত হয়। এই আহিনৰ সংক্ৰান্তি বা কাতি-বিহুৱে সেই চাৰি পাচ মাহ লেকাৎ লাগি কাম কৰাৰ ভাগৰ পাতলাই দি আন আন অলপ দুখতে হোৱা মাহ সৰিয়হ, বেঙেনা চিৰাল ইত্যাদি ৰোৱ৷ বাম থেতিলৈ মন আকর্ষণ কৰাই দি সামাজিক জীৱনৰ স্বাস্থ্য টনকিয়াল কৰে । এই কাতি-বিহুৰ উদ্দেশ্য সেয়েই। এই দিনাৰ সংক্রান্তিকেই জল-বিষুৱ-সংক্রান্তি বোলে। কিয়নো, জল = পানী + বিষুৱ = ৰাতি দিন সমান হোৱা কাল + সংক্রান্তি = সূৰ্য্য এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যোৱা দিন। এই বিহুৰ দিনত সূৰ্য্য তূলা ৰাশিলৈ সোমায় । সেই দেখি সুৰ্য্যৰ তূলা সংক্রান্তি মিল৷ দিন ইয়াকেই [ ১৩ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২৬
অৱয়ব