বিহুৰ উৎপত্তিৰ সময় নিৰূপণ। বিহুৰ উৎপত্তি আৰু তাৰ বিবৰণ ৷ খ্রীষ্টপূর্ব্ব ২০০০ দুহেজাৰ বছৰৰ পৰা ভাৰতত বৈদিক যুগ আৰম্ভ হয়। এই যুগতেই ঋগবেদ, যজু- ৰ্ব্বেদ, সামবেদ আৰু অথৰ্ব্ববেদৰ উৎপত্তি। ইয়াৰ ` পৰা প্রমাণ হয় খ্রীঃ পূঃ ২০০০ দুহেজাৰ বছৰৰ আগেয়ে হিন্দুৰ পণ্ডিতসকলে নানা তথ্যৰ বিষয়ে আলোচনা কৰিছিল। তাৰ ফলতহে ঋগ্ বেদাদিৰ আবির্ভাব। কিন্তু খ্ৰীঃ পূঃ ২০০০ দুহেজাৰ বছৰৰ তাৰিখৰ আগৰ কোনো তাৰিখৰ হিচাব-পত্ৰ নোহো- ৱাত সঠিক বিৱৰণ পাবলৈ নাই ; গতিকে তাৰ বিষয়ে একো কব নোৱাৰি ৷ ঋগবেদ অভিনয় হোৱাৰ আগভাগ সময় তেনেই ঘোপমৰা আন্ধাৰত ৷ কাৰ্য্যৰ উন্নতি তেতিয়াও আছিল কিন্তু সেই কাৰ্য্যাদি কি তাৰ বিষয়ে চিনচাব একো নাই ৷ ঋগ্ বেদত বিজ্ঞানৰ প্ৰাথমিক ৱা সৰল জ্ঞানৰ আভাস পোৱা যায়। গতিকে তেতিয়াই অর্থাৎ ৩৯১৭ তিনি হেজাৰ ন শ সেতিৰ বছৰৰ আগেয়েই ভাৰতত জ্যোতিষৰ চর্চ্চা হৈছিল। যেতিয়া মিচৰ, এচিৰীয়া, চীন আৰু [ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১৮
অৱয়ব