এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫২ ◇
নানবানি লগতে বিহু মাৰি থাকোতে
ম’হে বনৰীয়া হ'ল॥
(৪০)
তাঁতৰ দোৰপতি বাজে খিতিখিতি
বহিবৈ আছিলো তাঁত।
মাকোৰ খিতখিতনি গামখাৰু বাজনি
লগাই কোন ঈশ্বৰে মাত॥
(৪১)
ধনে বনাই দিয়া জেঙুপাতৰ বিচনী
ধনে বনাই দিয়া পাটী।
ধনো নাহিলে বাতৰি নিদিলে
থাকো উজাগৰে ৰাতি॥
(৪২)
খামলা এমলা টোপোলা বান্ধিলা
পাতেৰে বান্ধিলা দৈ।
ৰঙানৈ পাৰে হৈ টোপোলা মেলিলো
আহে চকুপানী বৈ॥
(৪৩)
নীল বৰণীয়া আঁঠুৱা তৰিলো
জিল বৰণীয়া পাটী।
ধনৰ ডিঙিত ধৰি শুৱলৈ নেপালো
পুৱালে কালিন্দি ৰাতি॥
(৪৪)
দীঘদি লগালি লং ফুলৰ গামোচা
বাণিত কেছফুলৰ কলি।
ছাঁতে শুকুৱাই মুঠিতে লুকুৱাই
কালৈ সামৰি থলি॥
(৪৫)
দিখৌ পাৰহলো জাঁজী পাৰহলো
জিৰালো কলীয়া বৰত।
মনৰে হাবিয়াহ থওঁ কাতিকৰি
সাৱটি তোমাৰে গলত॥