এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪৫ ◇
চেনাইটি মৰমত গাঁৱকে নোফুৰো
বুকুতে সাবটি থাকো॥
(১৪)
সপোনত মইনাজান দিছিলা প্ৰেমদান
দিছিলা মৰমত মাত।
তোমাৰে নিচিনা ৰঙা বৰণীয়া
বুকুত দি আছিলো হাত॥
(১৫)
বজাই ভালপালো মহশিঙ পেঁপাটি
শুনি ভালপালো মাত।
দি ভালপালো ধনৰে বুকুৰে
যোৰীয়া যৌৱনত হাত॥
(১৬)
ৰাতি চাকি জলাই কি মণি গাঁথিলা
আটাইবোৰ সোণৰে পোৱাল।
ভাঙোতে পাতোতে লুটি বাগৰ কৰোতে
ৰাতিটো বেগতে পুৱাল॥
(১৭)
ওলাই দেখা পালো চেহাবৰ বঙলা
সোমায়ে দেখিলো শ'ল।
সাৰ পাই দেখিলো ধনৰে গামোচা
শিতানত পাহৰি গ'ল।
(১৮)
জিল বৰণীয়া আঁঠুৱা তৰিলো
নীল বৰণীয়া পাটী।
ধনৰে লগতে পীৰিতি কৰোতে
নোপোৱাই কালিন্দী ৰাতি॥
⸻ ○ ○ ⸻