সমললৈ যাওক

পৃষ্ঠা:বিহুগীত.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১২১ ◇

(৩)

চেহেৰা গোলাপ তৰি বুলি মিঠা ত’ৰ
তোকে দেখল দিন দিন কাটে নাহি ম’ৰ।
গোলাপৰ পাহিযেন তোমাৰে ছবিটি
 মাতত মৌ বৰষি যাই।
তোমাৰে ৰেহৰূপ চাওঁতে চাওঁতে
 এদিনে এবছৰ যাই।

(8)

কবে উঠে মনস্তাপ দিবনেকি জলেঝাপ
ঝাপদিলে ডুবিয়া পৰব কতদিনে শ্যাম লাগল পাব।
ভাবোতে ভাবনি  নধৰে টোপনি
 তোমাক কেনেকৰি পাম।
কেতিয়াবা মইনাজান এনে বেয়া লাগে
 জানোদিম নৈতে জাপ॥

(৫)

ঢ’ল বাজে মাদল বাজে বাজে হাতেৰ কঙ্কণ ৰে
কৰম পূজায় মিনি নাচে লাল পিচল শাড়ী ৰে।
ঢোল ও বাজিলে  মাদলো বাজিলে
 জুনুক জুনুক বাজিলে খাৰু।
ৰঙা শাৰী পিন্ধি  মিনিজনী নাচিলে
 নেচাই বা থাকিব পাৰো॥

(৬)

তুই আছ অনেক দূৰে কবে আবে মোৰ ঘৰে
দয়ালিনী ৰে কমলিনী ৰে কতদিনে ধ্বনি হবে দেখাৰে।
কাহানি বলিব বসন্ত মলয়া
 কাহানি মাতিব কুলি
কাহানি আহিবা আমাৰে ঘৰলৈ
 দীঘলকৈ ওৰণি তুলি।
তৰি = সাদিশ্য বুলি = মাত কাটে = সময়।

⸺০০⸺