পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিকাগোৰ সৰ্বধৰ্ম্ম মহাসভাৰ
অভ্যৰ্থনাৰ উত্তৰত দিয়া
অভিভাষণ।

১১ চেপ্তেম্বৰ, ১৮৯৩।

 আমেৰিকাবাসী সমবেত ভনী আৰু ভাইসকল! আপোনালোকে আমাক যি আদৰ আৰু সৰল আন্তৰিক অভ্যৰ্থনা কৰিছে, তাৰ উত্তৰত দু আষাৰমান কথা কবলৈ থিয় হোৱাত মোৰ অন্তৰ অবৰ্ণনীয় আনন্দত পূৰ্ণ হৈ উঠিছে। জগতৰ (সকলোতে কৈ পুৰনি) প্ৰাচীনতম সন্ন্যাসী সমাজৰ নাম লৈ আজি মই আপোনাসকলক ধন্যবাদ জনাইছোঁ। সৰ্ব্ব ধৰ্ম্ম প্ৰসূতি স্বৰূপ সত্য সনাতন হিন্দু ধৰ্ম্মৰ নামত মই আপোনাসকলক ধন্যবাদ দিছোঁ; হিন্দুজাতিৰ সমস্ত সম্প্ৰদায় আৰু কোটী কোটী হিন্দু নৰ-নাৰীৰ মুখ স্বৰূপ হৈ আজি মই আপোনাসকলক নথৈ ধন্যবাদ দিছোঁ৷

 আজিৰ এই সভা মন্দিৰত কেইজনমান সুবক্তাই প্ৰাচ্যদেশৰ প্ৰতিনিধি সকলক উদ্দেশ কৰি কৈছে যে বহু দূৰ দেশৰ পৰা অহা এই লোকসকলে সকলো দেশতে ধৰ্ম্ম বিষয়ত সমদৰ্শিতা ভাৱ প্ৰচাৰ কৰাৰ গৌৰৱ কৰিব পাৰে। যি সকলে এই ভাৱ প্ৰকাশ কৰিছে তেখেতসকলক মই ধন্যবাদ নিদি থাকিব নোৱাৰোঁ। যি ধৰ্ম্ম-জগতক চিৰকাল সমদৰ্শন আৰু সৰ্ব্ববিধ মত গ্ৰহণৰ বিষয় শিক্ষা দি আহিছে, মই সেই ধৰ্মাৱলম্বী বুলি