পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম দিনৰ অধিবেশন।
(২০ চেপ্টেম্বৰ)
ভাৰতবৰ্ষই ধৰ্ম্মৰ অভাৱত কন্দা নাই।

 খৃষ্টানবিলাকে সদায় সৎসমালোচনাৰ কাৰণে প্ৰস্তুত থকা উচিত। আৰু মই মোৰ ক্ষুদ্ৰ বুদ্ধি অনুসাৰে যদি আপোনালোকৰ কোনো কথা খুচৰি উলিয়াই দিওঁ তাত যেন আপোনালোকে অলপকে বেয়া নাপায়। হে খৃষ্টানসকল! আপোনালোকে পৌত্তলিকবিলাকৰ আত্মাক উদ্ধাৰ কৰিবলৈ ধৰ্মপ্ৰচাৰক পঠিয়াবৰ কাৰণে সদায় ব্যস্ত; কিন্তু আপোনালোকে অনাহাৰৰ পৰা তেওঁবিলাকৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা নকৰে কিয়? ভাৰতবৰ্ষত দুৰ্ভিক্ষৰ সময়ত সহস্ৰ সহস্ৰ হিন্দু নৰ-নাৰীয়ে ভোকত মৃত্যুৰ মুখত পৰি প্ৰাণত্যাগ কৰিছে--কিন্তু খৃষ্টানসকল! আপোনালোকে সেই বিষয়ে অকণো মনোযোগ নিদিয়ে। আপোনালোকে সমগ্ৰ ভাৰতত ধৰ্ম্ম-মন্দিৰ সাজিবলৈ সদায় ব্যস্ত কিন্তু ভাৰতবাসী সকলৰ যথেষ্ট ধৰ্ম্ম আছে; তেওঁবিলাৰ শুষ্ক কণ্ঠ কেৱলমাত্ৰ এমুঠি অন্নৰ কাৰণে ৰৈ আছে। তেওঁবিলাকে বিচাৰিছে ভাত, আমি দিছোঁ শিল-গুটি; ক্ষুধাৰ্ত মানুহক ধৰ্ম্মৰ কথা কোৱা বা দৰ্শন-শাস্ত্ৰ বুজোৱা বিড়ম্বনাহে মাথোন। ভাৰতবৰ্ষত যি ধৰ্ম্মপ্ৰচাৰকে ধন লৈ ধৰ্ম্মপ্ৰচাৰ কৰে তেওঁৰ জাত যায়; আৰু সকলোৱে তেওঁক ঘিণ কৰে। মই মোৰ ক্ষুধাৰ্ত স্বদেশ-