পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪২)

নামেসে পৰম ধৰ্ম্ম জানিবা নিশ্চয়।
ধৰ্ম্মত থাকিলে নাহি যমকো যে ভয়॥
তপ জপ তীৰ্থস্নান যোগ ব্ৰত দান।
ইসবো নোহয় কৃষ্ণ নামৰ সমান॥
জানিয়ো জন্মক নষ্ট নকৰিবা বৃথা।
আন যত চিন্তা এৰি শুনা কৃষ্ণ কথা॥
পুত্ৰ ভাৰ্য্যা সবে মানে জানা মায়াজৰি।
বুদ্ধিৰে ঈশ্বৰে বান্ধি আছে যত্ন কৰি॥
সিটো বান্ধ এৰণ নযাই কোনো মতে।
নকৰে ভকতি যাৱে কৃষ্ণৰ পদতে॥
কৃষ্ণপদে অপৰাধ যতেক কৰয়।
নাম শুনি কৃষ্ণ তাঙ্ক এৰি পেলাৱয়॥
হেন দেখি বাৰাহৰ নিবন্ধিলো পদ।
একচিত্ত মনে শুনা যত সভাসদ॥
বঢ়াটুটা দোষ আত অনেক আছয়।
সাধু সবে শুনি তাক ক্ষেমিবে লাগয়॥
চম্পা মালতিক গাণ্ঠে জৰি দিয়া আনি।
দেৱে কি নলয় আৰু অপবিত্ৰ মানি।
গঙ্গাৰ জলত যদি বৃষ্টিজল পৰে।
কৈত দেখি আছা তাঙ্ক কোনে বাচি এৰে॥
যদি গঙ্গাজল ঘট বুৰাইয়া আনে।
তথাপি পবিত্ৰ হোৱে তাঙ্ক স্নান পানে॥