সমললৈ যাওক

পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৫)

সাত আঠ নব, দশ একাদশ
 বৎসৰ যেবে মিলিলা॥
বাৰয় বছৰ, ভৈলা মন্দোদৰী
 সবাৰে আনন্দ মন।
বিবাহ দিবাক, লাগি দুহিতাক
 কৰিলা ৰঙ্গে যতন॥
বেদ বিশ্ৰৱাৰ, তনয় ৰাৱণ
 তাহাঙ্ক মাতিয়া আনি।
পৰম সাদৰে, বস্ত্ৰে অলঙ্কাৰে
 বিবাহ দিলা আপুনি॥
শান্তী কন্যা পাই, ৰাৱণ ৰাজাই
 আনন্দিত ভৈলা মন।
নৈকেষীৰ সুত, পাই কন্যা ৰত্ন
 কৰিলা ৰঙ্গে গমন॥
সেই কন্যা পাই, দশ গ্ৰীৱে লই
 মহেশক আৰাধিলা।
হৰে তুষ্ট হই, ৰাৱণক চাই
 বচন তাঙ্ক বুলিলা।
লাগে যেহিবৰ, খোজ সেহি বৰ
 লয়ো মই দিয়ো তোক॥
তিনিও লোকত, যেহি জানে মোক
 বধন্তা নাহিকে তাক।