পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

তাক নজনা পশুৰ শাৰীলৈ পঠিয়ায়। সজ চিন্তা সজ কাৰ্য্যৰ জনক। মনৰ পোহৰে তোমাৰ কাৰ্য্যৰ এন্ধাৰ চুকতো পোহৰ পেলায়। মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখাঁ, আৰু সেই বিশুদ্ধ মন বুদ্ধি চিত্তৰে তোমাৰ অন্তৰ বিশুদ্ধ কৰি, জীৱনৰ কাৰ্য্যক্ষেত্ৰত আগ বাঢ়ি যোৱা, ভয় নাই, তোমাৰ জয় নিশ্চয়।

 ঈশ্বৰত একান্ত বিশ্বাস, একান্ত নিৰ্ভৰ কৰি, তোমাৰ জীৱনত এহাশুধীয়াকৈ নিষ্কপটভাৱে কৰা কাৰ্য্যৰ ফলাফল তেওঁৰ চৰণত সমৰ্পণ কৰাঁ, হে বন্ধুসকল, এয়েই তোমালোকৰ প্ৰতি এই দুখীয়াৰ উপদেশ!