এই সূত্ৰ মতে গৰাকীয়ে নিজৰ স্বত্ব পৰিত্যাগ কৰি বস্তু দান কৰিলেহে দান কৰা হয়, তেতিয়াহে দানৰ পাত্ৰত চতুৰ্থী বিভক্তি হয়। আগলৈ ঘূৰাই লম বুলি দিলে, বা দিবলগীয়া বস্তু দিলে দান কৰা নহয়। এতেকে ধোবাক কাপোৰ দিলে, বা ৰজাক কৰ দিলে বা আনক কোনো বস্তু ধাৰলৈ দিলে, দান কৰা নহয়, আৰু সেই নিমিত্তে ধোবাত, ৰজাত বা ধৰুৱাত চতুৰ্থী বিভক্তিও যোগ নহয়।
অপাদানকাৰক।
৩৮। যাৰ পৰা বা যিহৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা বা নিৰস্ত হোৱা বুজায় বা ভয় খোৱা, ৰক্ষা পোৱা বা আঁতৰ হোৱা বুজায়, তাক অপাদানকাৰক বোলে। অপাদানকাৰকত পঞ্চমী বিভক্তি হয়। যেনে, গাখীৰৰ পৰা ঘিঁউ হয়, আৰুতেওজ বছৰৰ পৰা সি ফাৰ্চি পঢ়িবলৈ ধৰিছে, যোৱা বছৰৰ পৰা সি স্কুল এৰিছে, এইবাৰ মই মৃত্যুৰ পৰা ৰক্ষা পালো, ঢোঁৰা সাপৰ পৰা কোনো ভয় নাই, গছৰ পৰা বহুত আম সৰিছে, সি খঙতে ঘৰৰ পৰা ওলাই গল, সি ফাটকৰ পৰা ওলাই আহিছে।
৩৯। সপ্তম্যন্ত পদত তুলনাত কৈ যোগ হলে, সি অপাদানকাৰক হয়। যেনে, ৰামতকৈ হৰি ডাঙৰ। অবধি আৰু অপেক্ষা শব্দৰ যোগতো অপাদানকাৰক হয়। যেনে, অদ্যাবধি, এনে মানুহ জীয়াই থকা অপেক্ষা।