পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
বহল ব্যাকৰণ।

হলে ৰূপ নলৰে। ইহঁত কেৱল একবচনত মাথোন ব্যৱহাৰ হয়।

বিভক্তি অত   তত
প্ৰথমা অত তত
দ্বিতীয়া নাই নাই
তৃতীয়া অৰে

এদি বিভক্তি যোগ নহয়
অৰ দ্বাৰা বা দ্বাৰায়

তৰে


তৰ দ্বাৰা বা দ্বাৰায়

চতুৰ্থী অলৈ

অত

তলৈ

তত

পঞ্চমী অৰ পৰা তৰ পৰা
ষষ্ঠী অৰ তৰ
সপ্তমী অত তত

কাৰক৷

 ৩২। ক্ৰিয়াৰ লগত সম্বন্ধ হলে সৰ্ব্বনাম আৰু বিশেষ্য পদক কাৰক বোলা যায়।

 কাৰক ছবিধ :— কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ।

কৰ্ত্তাকাৰক।

 ৩৪। যি ক্ৰিয়া কৰে সি কৰ্ত্তা। কৰ্ত্তাকাৰকত প্ৰথমা বিভক্তি হয়। যেনে, লৰাই পঢ়িছে, মেঘে গাজিছে, সি