এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | আপুনি | আপোনালোকে | ||
| দ্বিতীয়া | আপোনাক | আপোনালোকক | ||
| তৃতীয়া | আপোনাৰে (আনবিলাক ওপৰৰ দৰে) |
আপোনালোকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
| চতুৰ্থী | আপোনালৈ আপোনাক |
আপোনালোকলৈ আপোনালোকক | ||
| পঞ্চমী | আপোনাৰ পৰা | আপোনালোকৰ পৰা | ||
| ষষ্ঠী | আপোনাৰ | আপোনালোকৰ | ||
| সপ্তমী | আপোনাত | আপোনালোকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এখেত।
পুং আৰু স্ত্ৰীলিঙ্গত।
২৯। প্ৰথমা আৰু দ্বিতীয়া বিভক্তিত বাজে আন বিভক্তিৰ একবচনত এখেত এখে হয়, নহৈও থাকে। ইয়াৰ বহুবচনত সকল যোগ হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | এখেত, এখেতে | এখেতসকলে | ||
| দ্বিতীয়া | এখেতক | এখেতসকলক | ||
| তৃতীয়া | এখেৰে, এখেতেৰে এখেতকদি |
এখেতসকলেৰে এখেত সকলেদি |