এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| ষষ্ঠী | যাৰ | যিবিলাকৰ, যোনবিলাকৰ | ||
| সপ্তমী | যাত | যিবিলাকত, যোনবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোন।
তিনিও লিঙ্গত।
২২। প্ৰথমাত বাজে আন বিভক্তিৰ একবচনত কোন কা হয়। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ বা বিলাক, আদৰত আৰু সম্ভ্ৰমত বিলাক যোগ দিয়া হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | কোনে | কোনবিলাকে | ||
| দ্বিতীয়া | কাক | কোনবিলাকক | ||
| তৃতীয়া | কাৰে (আনবিলাক ওপৰৰ দৰে) |
কোনবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
| চতুৰ্থী | কালৈ কাক |
কোনবিলাকলৈ কোনবিলাকক | ||
| পঞ্চমী | কাৰ পৰা | কোনবিলাকৰ পৰা | ||
| ষষ্ঠী | কাৰ | কোনবিলাকৰ | ||
| সপ্তমী | কাত | কোনবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোনো।
তিনিও লিঙ্গত।
২৩। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ আৰু বিলাক, আৰু আদৰত বা সন্ত্ৰমত বিলাক যোগ দিয়া হয়।