এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
বহল ব্যাকৰণ।
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এই।
স্ত্ৰীলিঙ্গ।
১৯। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | এই | এইহঁতে | ||
| দ্বিতীয়া | এইক | এইহঁতক | ||
| তৃতীয়া | এইৰে (আনবিলাক ওপৰৰ দৰে) |
এইহঁতেৰে (আনবিলাক ওপৰৰ দৰে) | ||
| চতুৰ্থী | এইলৈ এইক |
এইহঁতলৈ এইহঁতক | ||
| পঞ্চমী | এইৰ পৰা | এইহঁতৰ পৰা | ||
| ষষ্ঠী | এইৰ | এইহঁতৰ | ||
| সপ্তমী | এইত | এইহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এওঁ।
পুং আৰু স্ত্ৰীলিঙ্গত।
২০। লোক বা বিলাক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | এওঁ | এওঁবিলাকে | ||
| দ্বিতীয়া | এওঁক | এওঁবিলাকক | ||
| তৃতীয়া | এওঁৰে (আনবিলাক ওপৰৰ দৰে) |
এওঁবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) |