৵৹
অসমীয়া ভাষা শিকিব নোৱাৰে। এই কথা সাৰোগত কৰি বহল ব্যাকৰণ লিখা হৈছে। অৰ্থাৎ বহল ব্যাকৰণ কেৱল অসমীয়া লৰাৰ নিমিত্তে লিখা হোৱা নাই, ভিন জাতিৰ মানুহেও যেন ইয়াক পঢ়ি অসমীয়া ভাষাৰ সকলো তত্ত্ব অবগত হব পাৰে, তালৈ চকু বাখি হে লিখা হৈছে। চেষ্টা সফল হৈছে নে নাই, সেই কথা অৱশ্যে ৰাইজৰ বিচাৰ্য্য।
যদিও সচৰাচৰ অসমীয়া ব্যাকৰণ লিখোঁতে সংস্কৃত ব্যাকৰণৰ আৰ্হি লৈ লিখা হয়, অসমীয়া ভাষা সংস্কৃত ভাষাৰ নিচিনা নহয়। সিহঁতৰ গঠন আৰু গঠন-প্ৰণালী একেবাৰে ভিন। আখৰবোৰৰ উচ্চাৰণ ভিন, আখৰ যোঁটনিৰ নিয়ম ভিন। সংস্কৃতত শব্দৰ সন্ধি হয়, অসমীয়াত নহয়। অসমীয়াত কেৱল সংস্কৃত শব্দৰহে সন্ধি কৰা হয়। সিও লিখোঁতাৰ ইচ্ছাধীন। সমাস অৱশ্যে অসমীয়াত আছে, কিন্তু তাৰ ব্যৱহাৰ সকলো ঠাইত হব নোৱাৰে। সংস্কৃত শিৰোভূষণ বা শিৰভূষণ হয়, কিন্তু অসমীয়াত মূৰৰ সাজহে হয় “মূৰসাজ” নহয়। অসমীয়াত তদ্ধিত প্ৰত্যয় অলেখ, প্ৰায় শব্দটোৱে পতি প্ৰত্যয় ভিন ভিন হয়। সংস্কৃতত ইমানবোৰ তদ্ধিত প্ৰত্যয় আছে নে নাই কব নোৱাৰোঁ। অসমীয়াত কৃত প্ৰত্যয়ৰ সংখ্যাও তাকৰ নহয়। সংস্কৃতত সনন্ত ধাতু আৰু যঙন্ত ধাতু আছে, অসমীয়াত নাই। এতেকে অসমীয়া ব্যাকৰণ ঠিক সংস্কৃত ব্যাকৰণৰ আৰ্হিত হব নোৱাৰে। সেই দেখি অসমীয়া বৈয়াকৰণসকলে তদ্ধিত কৃত আদি প্ৰত্যয় ভিন