(৭মী বহুবচন) ইয়াত সন্ প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হৈছে। সাৎ প্ৰত্যয়ৰ স মূৰ্দ্ধন্য ষ নহয়। যেনে, ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ।
১৭৷ ই বা ঊ অন্তত থকা উপসৰ্গৰ পাচত সদ্, সিচ্, সিধ্, নম্ আৰু স্থা আদি ধাতুৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, বি-সদ্+ঘঞ্= বিষাদ, অভি—সিচ্+ঘঞ্= অভিষেক, নি—সিধ্+অল= নিষেধ, অভি-লস্+ঘঞ্= অভিলাষ, প্ৰতি–স্থা+ঙ= প্ৰতিষ্ঠা, অনু–স্থা+ক্ত = অনুষ্ঠিত।
ইয়াত ধাতুবিলাকৰ স মূৰ্দ্ধন্য ষ হৈছে।
১৮। ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, ভূমি+স্থ= ভূমিষ্ঠ, গো+স্থ= গোষ্ঠ, অঙ্গু+স্থ= অঙ্গুষ্ঠ, যুধি+স্থিৰ= যুধিষ্ঠিৰ।
১৯। প্ৰত্যয় যোগ হলে, হবিস্ আৰু চক্ষুস্ শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, হবিস্+য= হবিষ্য, চক্ষুস্+ষ্ণ= চাক্ষুষ।
২০। কেতবিলাক শব্দৰ য স্বভাৱতে মুৰ্দ্ধন্য। সেইবিলাক শব্দৰ প্ৰচলিত কিছুমান তলত ছন্দত বান্ধি দিয়া হল।
ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰত্যুষ।
কৰ্ষণ, প্ৰদোষ, ঈৰ্ষা, তুষাৰ, গণ্ডুষ॥
ষোড়শ, পুৰুষ, মেষ, ঔষধি, ভূষণ।
আষাঢ়, মুষিক, পুষ্প, কোষ, ষড়ানন॥