থাকিলে দন্ত্য ন মূৰ্দ্ধন্য নহয়। যেনে, ৰইনা, বৰিয়নি, ফেৰেঙ্গনি, গেৰেকনি, বৰীয়ানী।
৪। অসমীয়া স্ত্ৰীপ্ৰত্যয় নী-ৰ ন মূৰ্দ্ধন্য নহয়। যেনে, বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিয়নী।
৫। দুটা ভিন ভিন শব্দ গোট খাই এটা হলে, আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পাচৰ শব্দৰ ন মূৰ্দ্ধন্য নহয়। যেনে, দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্ব্বনাম, হৰিনাৰায়ণ, হৰিনাথ।
৬। উত্তৰ, চান্দ্ৰ, পৰ আদি শব্দ আগত থাকিলে পাচৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য হয়। যেনে, উত্তৰ + অয়ন=উত্তৰায়ণ, চান্দ্ৰ + অয়ন=চান্দ্ৰায়ণ, পৰ + অয়ন = পৰায়ণ।
৭। দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হলে, আগৰ শব্দত ঋ, ৰ, বা ষ থাকিলে, পাচৰ শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, শূৰ্পণখা, অক্ষৌহিণী।
৮। আম্ৰ আদি শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, আম্ৰবণ।
৯। পদৰ শেষত থকা হসন্ত ন্ ঋ, ৰ, ষ-ৰ পাচত থাকিলেও মূৰ্দ্ধন্য নহয়। যেনে, নৰান্, ব্ৰহ্মচাৰিন্।
১০। ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হলে, ঋ, ৰ, ষ-ৰ পাচত থাকিলেও ন মূৰ্দ্ধন্য নহয়। যেনে, বান্ধন, বৃন্দাবন।
১১। ট বৰ্গৰ আখৰৰ লগত যোগ হলে ন সদায় মূৰ্দ্ধন্য হয়। যেনে, কণ্টক, পিণ্ড, মুণ্ড।