সৰ্ব্বনামৰ পাচত সংজ্ঞা শব্দ কেতিয়াবা নাথাকে, বিভক্তি সেই সৰ্ব্বনামবিলাকত যোগ হয়। যেনে, অন্যে কলেও, এনে কথা তুমি কোৱা অযুগুত; আনৰ কথাৰে চলিব নোৱাৰি৷ সেইদৰে, যি দিলা, অৰ্থাৎ যি বস্তু দিলা; যি কৈছে, অৰ্থাৎ যি কথা কৈছে; কিমানেদি কিনিলা, অৰ্থাৎ কিমান ধনেদি কিনিলা? ইত্যাদি।
১১০। ভালেমান, ভালেখিনি, অলপমান আদি বিশেষণৰ পাচতো কেতিয়াবা সংজ্ঞা শব্দ উহ্য থাকে। যেনে, তুমি ভালেমান নিলা, মোলৈ অলপমানহে ৰল, অৰ্থাৎ ভালেমান বস্তু; ভালেখিনি গৈছে, লগ ধৰা টান, অৰ্থাৎ ভালেখিনি বাট গৈছে।
১১১। যি সৰ্ব্বনামৰ যেই সেই ৰূপ সদায় সি সৰ্ব্বনামৰ কোনো এটা ৰূপৰ আগত বহে। যেনে, যি পঢ়ে সি জনা হয়; যাক দিছা তাক খোজাঁ; যাৰ লগত যাবা তাক আগে কৈ থোৱাঁ।
১১২। যি সৰ্ব্বনাম সংজ্ঞা শব্দৰ সলনি ব্যৱহাৰ হলে, সি প্ৰায় সংজ্ঞা শব্দৰ পাচলৈ যায়। যেনে, আসামত এনে কোন মানুহ আছে, যি ৰাইজৰ উপকাৰৰ অৰ্থে নিজৰ সৰ্ব্বস্ব দিব পাৰে?
১১৩। কেতিয়াবা সৰ্ব্বনামৰ সলনি ব্যৱহাৰ হলেও, যি তাৰ পাচলৈ যায়। যেনে, এনে কোন আছে, যি মৰণক ভয় কৰে?