এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
বহল ব্যাকৰণ।
ইলে।
১০৪। এটা ক্ৰিয়া ঘটিলে আন এটা ক্ৰিয়া হব, এই ভাব বুজাবলৈ ভবিষ্যৎ কালত আগৰ ক্ৰিয়াৰ ধাতুত ইলে প্ৰত্যয় হয়। যেনে, মই শুলে তই যাবি, সি আহিলে মই তাক কথাটো কম।
ইলে প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়।
ইলত।
১০৫। এটা ক্ৰিয়াৰ শেষত আন এট। ক্ৰিয়া হৈছিল, এই অৰ্থ বুজাবলৈ, ভূত কালত, আগৰ ক্ৰিয়াৰ ধাতুত ইলত প্ৰত্যয় হয়। যেনে, সভা ভাগি গলত সি আহি পালে, তেওঁ ঢুকালতহে নাম ফুটি ওলাল।
ইলত প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়।
অ।
১০৬। কোনো কোনো ধাতুত ভাববাচ্যত অ প্ৰত্যয় হয়। অ ইৎ যায়, একো নাথাকে, কেৱল ধাতু, ধাতু গুচি পদ হয়। সিদ্ধ পদ বিশেষ্য বা বিশেষণ হয়। যেনে,
ধাতু | প্ৰত্যয় | সিদ্ধ পদ |
মৰ, | অ | মৰ (বিশেষণ) যেনে, মৰশ্ৰী, মৰশহ, মৰখঁক, মৰনৈ। |
মাৰ্ | ” | মাৰ (বিশেষ্য) যেনে, মাৰ খালে, মাৰ মাৰিলে। |
ডঁৰ্ | ” | ডঁৰ (বিশেষ্য) যেনে, সি গুৰু ঘৰত ১০ টকা ভঁৰ ভৰিলে। |
পক্ | ” | পক (বিশেষ্য) যেনে, এই কালত আমে পক ধৰে। |