নিজন্ত ধাতু—চিন্তি—স্ত্ৰী চিন্তা, পূজি---স্ত্ৰী পূজা। সেই
দৰে, চৰ্চ্চি---চৰ্চ্চা, কথি---কথা।
নাম ধাতু---তপস্---স্ত্ৰী তপস্য।
প্ৰ---শন্স্+ ঙ = স্ত্ৰী প্ৰশংসা, হিন্ স্+ঙ =স্ত্ৰী হিংসা।
আৰু যেনে, ক্ষম্---ক্ষমা, পৰ---ইক্ষ =পৰীক্ষা, ভিক্ষ্---
ভিক্ষা, আ---কাঙ্ক্ষ্ = আকাঙ্ক্ষা, দীক্ষ্---দীক্ষা, নিন্দ্---নিন্দা,
ৰক্ষ্—ৰক্ষা, খেল্---খেলা, শঙ্ক্—শঙ্কা, মূৰ্চ্ছ—মূৰ্চ্ছা,
লজ্জ্—লজ্জা ক্ৰীড়---ক্ৰীড়া, বাঞ্ছ্---বাঞ্ছা।
কি।
৭৮। উপসৰ্গ বা কৰ্ম্মবাচক কোনো শব্দ আগত থাকিলে, ভাববাচ্যত আৰু অধিকৰণবাচ্যত ধা ধাতুত কি প্ৰত্যয় হয়। ক্ ইৎ যায়, ই থাকে আৰু ধাতুৰ আ-কাৰ লোপ হয়। যেনে, ( ভাববাচ্য ) বি---ধা---বিধি, নি---ধা ---নিধি, সং---ধা---সন্ধি ( কৰ্ম্মবাচক পদ আগত ) বাৰি---ধা ---বাৰিধি, জল---ধা---জলধি।
অসমীয়া কৃৎ প্ৰত্যয়।
৭৯। ধাতুত কৃৎ প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম।
(ক)ব্যঞ্জনান্ত ধাতুত আদিত ব্যঞ্জন বৰ্ণ থকা প্ৰত্যয়
যোগ হলে, ধাতু অ-কাৰান্ত হয়।
(খ) ব্যঞ্জনান্ত ধাতুত আদিত স্বৰ বৰ্ণ থকা প্ৰত্যয়
যোগ হলে, সেই স্বৰবৰ্ণ ধাতুৰ শেষ ব্যঞ্জনত যোগ হয়।