পৃষ্ঠা:বলাই-বিহুলী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী।

বিশ্বৰ গৰাকী  এনে ৰূপ দেখি
 কৰিলে আশীষ দান,
ডেকা গাভৰুৰ  এনুৱা কথালৈ
 কোনেনো নিদিব কাণ?

⸺:০:⸺

(২)

শোৱা পাটী পৰি  বিহুলী গাভৰু
 মাকক লগালে মাত,
“শুনিছ নে আই  অহা ৰবিবাৰে
 বিহুৰে আহিছে হাট।

মঙলে উৰুকা  বুদে বিহু হব
 মোৰো ওলাইছে তাত,
এতিয়াহে মন  লঘু লঘু লাগি
 বিহুটি লাগিছে গাত।

পিৰিকা ফুলেৰে  তেল মিহলালো
 মূৰত লবলৈ বুলি,
বিহুৰে দিনত  তাকে ঘঁহি মই
 ভালকৈ বান্ধিম চুলি।