এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(১৮) যুগ ভেদি নাম গাই তাহাৰ তৰনি নাই যেবে হৰি ভকতি নকৰে। কেৱলে শৰণ লই গুছে তাৰ পাপ চয় অপ্ৰয়াসে সংসাৰক ভৰে। হেন কথা শুনি পাছে সীমান্ধৰে চাহি আছে অনন্তৰে দুয়ো ঘৰে গৈলা। আতপৰে শুনিয়োক সভাসদ যত লোক কহো শুনা আৰু যেন ভৈলী | তম নামে ঈশ্বৰৰ কথা শুনা নাৰদৰ দুইৰো সম্বাদ যেন ভৈলা। নাৰদে বোলন্ত বাণী শুনা তুমি মহামানি কোন যুগে কোন নাম ৰৈলা॥ হেন শুনি তামেশ্বৰ যি ৰৈলা মনত মোৰ বোলে কিছু কহো শুনিয়োক। শুনি আছো আমি যেন তযু আগে কহো তেন মুছবিবা তুমি শুনি মোক॥ সত্য ত্ৰেতা দ্বাপৰৰ কৈনো কথা নিৰন্তৰ কলি যুগে নাম বিনে আন যুগে আছে যত যত। নাহি নাহি ধৰ্ম্মৰ্ম্ম আন কহি আছে সমস্ত শাস্ত্ৰত॥ সংসাৰ স্বৰূপে হৰি কলিযুগে অবতৰি কেৰলে ভকতি প্ৰচাৰিলা।