সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬) হেন পন্থ মেলি দিবো মোৰ ভক্ত নিস্তাৰিৰো যিটো গুৰু বোধ কৰে মোক। আন পন্থ আচৰিয়া মুকুতি পাইবেক গৈয়া থাকিবেক জন থানে লোক॥ নপাৱয় নিজ সু কৰে সৱে মন দুখ বোলে আমি কি কাম কৰিলোঁ। ঐকান্তিক সুখ আজি মুকুতি সুখক লাগি ৰস ময় ভকতি এৰিলোঁ। এহি বুলি মুক্ত সবে দুখক কৰয় মনে আপুনাক গৰিহা কৰিয়া। এহি কথা কহি ৰৈলা শুনা আৰু যেন ভৈলা কহে কৃষ্ণ হৃদয়ে ধৰিয়া | দেৱৰ অমৃত যেন আনি জনে নপাৱয় সেহি মতে ইহাক জানিবা। যুগ নামে সীমাধৱ নাম কোহো ঈশ্বৰৰ মহাদেৱ সমে দুয়ো কৈলা। মহাদেৱে সুধিলন্ত যুগ সীমা ঈশ্বৰত তুমি কোন ভকতিক কৰা। কোন ঈশ্বৰক পূজা কোন ঈশ্বৰক যজা কৈয়ো কাৰ মতক আচৰা॥ যুগ সীমা মহা মানি কৈবে লৈলা হেন শুনি থিৰ মন কৰি হেন জানি।