সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৩) কহয় পুৰুষোত্তমে গুৰু পাৱে ধৰি। সকল সমাজে ডাকি বোলা হৰি হৰি॥ ছবি। শুনিয়োক আবে আৰ কাহাৰ শকতি তাৰ কহিবেক অৰ্থক নিশ্চয়। তথাপিতো কিছুমান কছোঁ শুনা সবিধান ঘিবা মোৰ মনত পৰয়। শুনা বাজা অনুপাম কৃষ্ণ যশ গুণ নাম এহি বুলি কহিবাক লৈলা। বলধৰ ৰলু মাল বলু মণি দ্বীপ কৈলা বিচাৰি বেকত কৰি থৈলা॥ শুনা নাম বিদ্যমান ই থানে ঈশ্বৰ প্ৰাণ পৰক দায়ায়ে পূৰা মন। শ্ৰীশঙ্কৰ নিগদতি শুনিয়োক নৰপতি তাসবাৰ যেহেন ব্যাখান!! যোগেশ্বৰ কামেশ্বৰ নামে গদেশ্বৰ হৰি যুগে যুগে আছা অৱতৰি। কহিবেক কোনে নাম কথা ইটো অনুপসি কহিলোহো কথা অল্প কৰি॥