সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(v) দেৱতাৰ দেৱ তুমি পৰম ঈশ্বৰ। মায়া কৰি আছা ইটো নাট ঈশ্বৰৰ। এহিবুলি ৰহিল৷ নৃপতি মহামতি। আৰু এক কথা. কহো শুনিও সম্প্ৰতি॥ . শঙ্কৰে বোলন্ত শুনিয়োক বিপ্ৰতম। দেৱীত ভকত তোৰা পণ্ডিত উত্তম। কোন স্থানে ঈশ্বৰক পূজা কৰা তোৰা। ভালমতে কহা গুৰু শুনোহে৷ আমৰা॥ হেন শুনি কহিবে লাগিলা বিপ্ৰবৰ। চৰণত পূজা আমি কৰোহে৷ কৃষ্ণৰ। ভান কথা শুনি দেৱ শঙ্কৰে বোলন্ত। জন্মিলাহা তোৰা সব কৃষ্ণৰ মুখত এতেকে কৃষ্ণৰ মুখে পূজিবে লাগয়। শূদ্ৰৰ থানত কেনে পূজা মহাশয়॥ শূদ্ৰৰ মানত পূজা কৰা কিবা জানি। শূদ্ৰকেসে পূজা গুণিচাহা মহামানি॥ বুঢ়া ভাষ্য শাস্ত্ৰত আছয় ইটো কথা। ৰবি পুৰাণক চাই দেখিয়োক তথা॥ সেৱ৷ নমস্কাৰ পূজা কৰিবাৰ ঠাই। চৰণত পূজা দিনে আন ঠাই এতেকে উত্তম শূদ্ৰ ভকত নাই॥ জানিবা। মোৰ কথা হই লুই মনত কৰিৰ৷।