দেখিয়োক ৰামচন্দ্ৰ হৰি (2) লঙ্কায়ে সহিতে ৰাৱণক বানৰে সহিতে মিত্ৰ কৰি বধিলাহ!। অশুচি বানৰ দুৰংশয় বিস্থা মুত্ৰ কৰি নোধৱ তাঙ্ক গলে বান্ধি ধৰিলন্ত কৃপাময়। মুমস্ত আদি বীৰবৰ নাহি নাহি তযু শ্ৰেষ্ঠতৰ গুহ চাণ্ডালক সাৰটিলা পৰম মহন্ত যাত পৰে নাহিকয় পৰম ঈশ্বৰ দেৱতাৰ আদি দেৱ। তাৰ ভক্তি দেখি তুষ্ট ভৈলা ভকতিত বৈশ্য ভগৱন্ত জাতি কুল লৈয়া নবাচ তৰিলা বানৰ ৰামক কৰিয়া সেৱ। আৰু কথা কহো শুনিয়োক সামাজিক সব যত লোক সৃষ্টিৰ আত বুলিলন্ত ৰমণ দ্বীপক চলা তুমি এক চিত্ত কৰি পৰম আনন্দ মনে। দ্বীপ নামে ঈশ্বৰক মোৰ আজ্ঞা পালি হেন গুনি দ্বীপ নাৰায়ণ পৰম আনন্দে সৃষ্টি শুনা তাত পাছে যেন ভৈলা নাৰায়ণ দেৱ ভগৱন্ত পাছে চাই চাই। নিশ্চয় কৰিয়া কৈলো আমি সৃষ্টি প্ৰবৰ্ত্তায়া যাই। চলি গৈলা ৰঙ্গে তেতিক্ষণ কৰিবাক লৈলা। পৰিলা বিপাকে স্বষ্টিত ভাৰ্য্যা পুত্ৰৰ সঙ্গ পাইলা তাৰ তিন পুত্ৰ উপজিলা ৰহি থাকিলা। ঈশ্বৰক লগ নপাইলা শুনা সাধু সব মাৰ কিবা কৈবো কথা।
পৃষ্ঠা:বড় গীত.pdf/৭৭
অৱয়ব