এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আপোনাক মাৰি বড় গীত দুষ্টক সংহৰি দ্ৰৌপদীৰ বিলাপ বৈষ্ণৱৰ কৰা কাম। কহেতো মাধৱে ডাকি বোলা জয় ৰাম || কান্দে বীৰ অভিমন্যু হে বীৰ বেহুৰ মধ্যতে। যম ঘৰে যাওঁ আজি কুৰু সাৰতে॥ পাণ্ডৱৰ সৈন্য নাহি বেহুৰ ভিতৰে। সপ্তৰৰ্থী বেৰি মাৰে অন্যায় সমৰে॥ যিবা শৰ টোন আছিল সকলো ঢুকাইলা | এতেকে জানিলো মোৰ মৰণ মিলিলা॥ নাহি মোৰ ভীম জেঠা নগৰে সহায়। নাহি কৃষ্ণ মামা মোৰ পিতা ধনঞ্জয়। জ্যেষ্ঠ পিতা যুধিষ্ঠিৰ বেহুৰ বাহিৰে। কৌৰৱেই মাৰে মোক অন্যায় সমৰে। নাহি কৃষ্ণ মামা মোৰ জগতবে বাপ। মৃত্যুকালে নেদেখিলো এহি মনস্তাপ॥ সুভদ্ৰা জননী মোৰ পিতা ধনঞ্জয়। কৌৰৱেই মাৰে মোক একেশ্বৰ পাই॥ (83)