সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কহয় মাধৱ দাসে দীনহীন মতি। জনমে জনমে হৌক হবিত ভকতি॥ বড় গীত যাদৱ নাযায়ে৷ নাযায়ো তুমি গোৱালীৰ পাৰা। কতনো সহিবো হামু তোমাৰ ঝগড়া॥ কেহো বোলে চুৰি কৰি খাইলে নৱনী। সব দধি দুগ্ধ খাইলে বোলে কেহো জনী॥ কেহো বোলে ভাঙ্গিলে জোখাৰ মোৰ ভাণ্ড। এমন বয়সে তুমি এত মান চণ্ড॥ মোহোৰ ঘৰৰ দুধে মন দেও যদি। প্ৰতি দিনে দিনে বহাইবে পাৰে৷ নদী॥ তথাপি নোজোৰে হৰি খাইবাৰ তোৰে। চু পৰিবাৰে যোৱা পৰৰ ঘৰে ঘৰে। নানান সুৰস কৰি নানান বাখৰে। যতন কৰিয়া সাজো খাইবাৰ তোমাৰে। যত পাৰা মানে খায়ো পেট ভৰি ভৰি। দুখীৰ চাৱাল যেন ফুৰ চুৰি কৰি॥ আৰ যদি যাহ তুমি গোৱালৰ বাৰী। এমনে মাৰিবো যেন গাৱে ৰহে খাৰি॥ ( ২৯ )