সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত সখি সবে বোলে বাণী শুনা ৰাধা বিনোদিনী হৃদয়ে চিন্তিয়া কৰা ধ্যান। প্ৰসন্ন চন্দ্ৰ দাসে ভণে কৃষ্ণৰ চৰণ বিনে ৰাধিকাৰ নৰহে জীৱন। সোনাৰে পুতাই মোৰে কৈক গৈলা এড়ি। তোহোৰ শোকতে ম‍ই কিয় নেযাও মৰি॥ গৰু ছাড়ি ফুৰা কৃষ্ণ বনে বনে ঘূৰি। কালি হ্ৰদে পড়ি বাচা তই গৈলি মৰি॥ বলভদ্ৰে বোলে আই নকৰিবা শোক। কালিক দমিয়া তযু পুত্ৰ আহিবাক। জালি শিৰে পড়ি কৃষ্ণ নাচে ৰঙ্গ মনে। —গ পত্নী তুতি কৰে কৃষ্ণৰ চৰণে॥ নাৰীৰ তুতিত তুষ্ট হৈয়া দয়াময়। ৰমন দ্বীপক লাগি কালিক পঠায়॥ প্ৰসন্ন চন্দ্ৰই ভণে কৃষ্ণক ভাবিয়া। কালিক পঠাইলা হৰি দিয়া পদছায়া॥ ( 22 )