এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত কাহাকে খুৱাইবো কাহাকে ধুৱাইবো কাহাকে শুৱাইবো খাটে। গধূলি বেলিয়া পছলি ওলাই কাহাকে নিবথিম বাটে॥ চালতে সুখাইলো ঐ বঙ্গ মালতী ভাড়াতে সুখাইলো দৈ। দিনৰ দিন মান কৃষ্ণক ভাবিলো ভাড়াতে লয় থই॥ যশোদাবে মন পোড়ে ঘনে ঘন কান্দে বৃন্দাবন চায়। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই॥ - কমল নয়ন যাদু হে যাহ্ মোৰে যাদু মোৰে যাদু মোৰে হায়। দুখুনী মাওৰ চিত্ত কি দিয়৷ জুড়ায়॥ কদম গাছে উঠে কৃষ্ণ কদম ফুল তোলে। তৈৰ পৰা জাম্প দিয়া পড়িল কালি জলে। কালি জলে পড়ি কৃষ্ণয় কৰে লোটালোটী। জাম্প দিয়া বলভদ্ৰে ধৰিলা সাবটী॥ ( 58 )