সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিহা। বড় গীত সখি সব আজি দেখো মই বৰ বিপৰীত গোপী সব কিবা কথা মিলিলা তহিত। আমাৰ কৃষ্ণ ধেনু লই অকলে বনক গই কিবা কথা মিলিলা তহিত। মথে দধি লৰে ফুল চিত্ত কৰে বিয়াকুল কাকে পড়ি মুখে ৰটে ছাই। কোনোবা ৰাক্ষসে পাই জানো কৃষ্ণক বেঢ়ি খাই আউৰ কৃষ্ণ নাসিবে৷ দুনাই॥ যশোদাৰ আকুল মন যাইতে খোজে বৃন্দাবন কৃষ্ণৰ খোজক নিহলি নিহলি। কৃষ্ণই আছে জলৰ মাজে মেঢ়াই আছে সৰ্প বাজে দেখে গৈয়া যশোদা গোৱালী॥ পুত্ৰ শোকে গেৰিয়াই মাৱৰ ক্ৰন্দন দেখি মুষ্টি ধৰি ঢাকুৰন্ত হিয়া। জলে জাম্প দিতে যাই লাম্ফ দিয়া যদুমণি কালী সৰ্পৰ বন্ধন এড়ায়া॥ ( ১ )