সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(89) তোৰা সব অন্ধ ভৈলা ঘোৰ কৰ্ম্ম মলে। হৰি ভকতিৰ পন্থ ঢাকিলা সকলে॥ এতেকেসে তোৰ৷ সবে ভৈল| অধোগামী। ভযু আগে কহিলো নিশ্বয় কৰি আমি॥ ৰামচন্দ্ৰদেৱ যেবে এহি বুলি ৰৈলা। আত অনন্তৰে শুনা আৰু যেন ভৈলা আৰু এক ঈশ্বৰ নামত নিৰঞ্জণ। তপ ব্ৰত ধৰি চিন্তে কৃষ্ণৰ চৰণ॥ আছন্ত ঈশ্বৰ তেহে শ্যামশ যুগৰ। ভাঙ্ক মাত্ৰ পূজে সবে লোক নিৰন্তৰ। গৰ্ব্বে মত্ত ভৈলেক লোকৰ পূজা পাই। পাসবিলা ঈশ্বৰক মনে সমুদায়॥ হেন দেখি পৰম পুৰুষ ভগৱন্ত। । এক দিনা আকাশি বচন বুলিলন্ত॥ আপুনাক আপুনি কৰিলি তই নষ্ট। ঈশ্বৰৰ অঙ্গ হৈয়া কেনে ভৈলি ভ্ৰষ্ট॥ ঈশ্বৰ কৃষ্ণৰ হেন শুনি দয়া বাণী। দণ্ডৱতে পৰি স্তুতি কৈল৷ মহামানি॥ বিস্তৰ কৰিল৷ পাছে মনে অনুতাপ। নলাগিল জনম গুছিল মহাপাপ॥ হৰি পাসৰিলাত সিজিব পাপ যত। কৃষ্ণক স্মৰণে সিটো সবে ভৈলা হত॥