সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। প্ৰাণৰ দেৱতা৷ (1) যি জনে কৰিলে এই সংসাৰ সৃজন, পশু পক্ষী নদ নদী তৰু লতাগণ; ফল ফুলে আমোদিত পৰ্ব্বত কন্দৰ। প্ৰাণৰ দেৱতা তেওঁ, কৃপাৰ সাগৰ। (2) আকাশী কানন কিম্বা স্বৰ্গ উপবন; ফুলি আছে কিবা ফুল সদানন্দ মন; মুকুতা জ্যোতিয়ে সদা কৰে তিৰ ৰি, প্ৰাণৰ দেৱতা তেওঁ কৰুণা মন্দিৰ। (3) মিলাই নিজৰ হাঁহি অবাক তৰুএ সৰাই কোমল পাত যাৰ গুণ গাৱে, বতাহৰ লগে লগে ৰিনি ৰিনি সুৰ, প্ৰাণৰ দেৱতা তেওঁ কৃপাৰ সাগৰ। (8) চন্দ্ৰ, সূৰ্য্য দুই যাৰ আজ্ঞা শিৰে ধৰি, আপোন আপোন বাটে সদা আছে ঘুৰি; আপোন সৌন্দৰ্য্যে কৰে জগত পোহৰ, 89