এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বজোৱা বজোৱা ফুল কলি। পৰোক কাণত আহি। বাজোক বাজোক অশান্তি হৃদয়ে, সান্ত্বনা সজোক, প্ৰাণত উঠোক হাঁহি। বৰ্ষা আবাহন। (s) আহা আহা দেৱৰ, ত্যজি তুমি স্বৰ্গপুৰ, দিয়া আহি মতত ভৰি। শুনি তযু আগমন, শীতল হওক প্ৰাণ, আনন্দৰ উঠোক লহৰী। হায়! তুমি অবিহনে শুকাল নদ নদী মূলে, তপ্ত বালী ধৰণী পূৰণ; সদায় অশান্তি মনে, পানী বিচাৰিছে ঘনে, পশু পক্ষী কীট পতঙ্গাদি নৰগণ, তুমি বিনে সকলোৰে তাপিত পৰাণ।