এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
99 00 ফুল-কলি। (b). আপুনি জ্বলি আকাশত তৰা আপোনা-আপুনি হাঁহিব তাত; ঢিমিকি টিমিকি চন্দ্ৰৰ পোহৰ আপুনি পৰিব ধৰাৰে গাত। (৯) আপোনা-আপুনি আঁউসী নিশাত, আন্ধাৰে বুৰাব বিশ্বৰ পট; আপুনি ধৰণী হবহি নিমাত, শুনি এটি কিবা কৰুণ গীত। (10) আপুনি আহিব টোপনী দেৱীয়ে, আপুনি লবহি কোলাত তুলি; পশু পক্ষী নৰ অচেতন হব, শোক চিন্তা দুখ আপুনি ভুলি। (১১) আপুনিয়ে হব পুৱতীয়া নিশা, পোক পৰুবাই শুনাব মাত আপুনি উঠিব সৰু তৰা এটি, পূৱৰ পিনে আকাশ-পথত।