এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
315 ফুল কলি। অসমা সুষম! দেবী, কামৰূপা কামদেৱী, “কামাখ্যা” গৌৰৱে চোৱা যি দেশ পোহৰে; যি দেশ আৱৰি আছে, উত্তৰত হিমাচল, পৰ্ববত শাৰীত ওখ ভাৰত ভিতৰে। যাৰ আজ্ঞা শিৰে ধৰি, পূণ্যশীল সদাচাৰি, মধুৰ কোমল ভাৱ নোহে স্বাৰ্থ হিয়া; পবিত্ৰ পবিত্ৰ হল, নৰ নাৰী যি ঠাইৰ, ঠাই ঠাই হৰি মন্দিৰ বিষয়া। কবিত্ব-ব্লু-যশ পূৰ্ণ, বিৰাজিছে জগতত, শ্ৰেষ্ঠ কবি ই যুগত, কবি ফুলমণি, যি দেশত উপজিল, সেই সব গুণশীল, “শঙ্কৰ শশাঙ্ক” বুলি ধৰ্ম্ম শিৰোমণি! যি দেশৰ জল বায়ু স্বাস্থ্যকৰ অতিশয়, ঠাই ঠাই সুশোভিত পৰ্ববতৰ শ্ৰেণী; २१