এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ফুল-কলি।
আশাতে বিভোল
- বিকচিত সংসাৰ;
হেচা-ঠেলা, আশাতেই,
- সদায় দুৰ্বাৰ।
নহবা নিৰাশ;
- আশাতে যোৱা আগুৱাই;
আশা জীৱনৰ
- উন্নতিৰ ওখ ঠাই।
ইচ্ছা।
এক মাথোঁ ঘোৰ এই নিজান বনত,
- জীৱনৰ আছে শত্ৰু কত!
ইচ্ছাই সাৰথি মাথোঁ, সংসাৰ বনত,
- সদা তযু ফুৰিছে লগত।
শকত বান্ধেৰে বান্ধা তোমাৰ ই হিয়া—
- সাহসতে হক ইচ্ছা বলী,
জয় হবা যতে ততে আক্ৰমি ৰিপুক;
- ইচ্ছা ইচ্ছাময় সৰ্ব্ব দলি।