এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। বিমল জেউতি ভৰা, চন্দ্ৰতো উজল। তালৈ কাঁইটেৰে ভৰা সৰু এটি বাট, দু-পিনে দুসাৰি ওখ শিলৰ পৰ্ব্বত। বহু বিপদত পৰে তাত উঠা জনে, তথাপিতো কত জনে ............. উঠিছে যতনে। কত জন উঠে৷ বুলি গৈছে আগুৱাই; উঠিব নোৱাৰি কত ইনাই বিনাই, নিৰাশাৰ লগ লই কান্দিছে অকলে, ক্ষণে উঠে, ক্ষণে পৰে মনৰ বিকলে। ই-সকলো দেখি মোৰ কান্দিল পৰাণ;