এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫
ফুল-কলি
জীৱনৰ মহাব্ৰত।
সংসাৰত থিয় হই, ধন ধন বুলি,
সত্য এৰি অসত্যক ধৰি,
দয়া ক্ষমা সৰলতা কৰি পৰিহাৰ,
জীৱনৰ উদ্দেশ্য পাহৰি,
পিয়াহত পানী খোৱা ভোকত আহাৰ,
লোভৰ সদায় বশীভূত,
কু-কথাত ৰত সদ৷ কু-বৃত্তিত ভৰি,
নহয় ই জীৱনৰ ব্ৰত।
ঈশ্বৰৰ আজ্ঞানু কৰ্ম্মত সদা স্থিতি,
ঈশ্বৰৰ বঢ়োৱা তৃপিতি,
হিংসা দ্বেষ এৰি সংসাৰত জয় লভা,
নিৰ্লোভ স্বভাৱে হই স্থিতি,
দৰিদ্ৰক দান, পৰদুখে দুখী হোৱা,
পৰ উপকাৰে সদা ৰত,
স্ব-দেশৰ হিত চিত্তা আত্ম-স্বাৰ্থ ঠেলি,
মানব জীৱনে মহাব্ৰত।
⸻