সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰীক্ষা।

প্ৰথম দৃশ্য।

 মদন আৰু বসন্তৰ প্ৰবেশ।
মদন৷ —   ই বৰ অসহ্য সখি।
বসন্ত। —  নকবা। নকবা।
 গলিত-পলিত-কেশ বৃদ্ধৰ ই গৰ্ব্ব
 কোনেবা সহিব? তাতে, সখি! সংসাৰৰ
 অনন্ত যৌৱন, বিশ্বে অনন্ত আনন্দ,
 তাৰো আগে এনে অহঙ্কাৰ। নিশ্চয়
 নোৱাৰি সখি! নোৱাৰি সহিব।
মদন। —   বন্ধু হে।
 মোৰ এই পঞ্চশৰ কুসুম নিৰ্ম্মাণ
 একে নিমিষতে ব্যস্ত কৰে বিশ্বৰাজ্য।
 তাকো অৱহেলে বৃদ্ধে উপেক্ষিলে।
 চোৱা, বন্ধু। তোমাৰ অসীম শোভা,
 মোৰ ফুলবাণ— ভাঙ্গে যিহে অনায়াসে