পৰিদৰ্শন
এটা দিছে।— যেন মই গৃহস্থালিখন খাস্তাং কৰিলোঁ। আহ বাৰু, এটা নহয় দহোটা টকা দিওঁগৈ, কোনে কি কৰে চাও। (ল’ৰাকো ভিতৰৰ পৰা টানি নিয়ে।)
ভদ্ৰেঃ পিতা— কেনে অদ্ভুত কথা! মই দেখোন ল’ৰাৰ গাত হাত দিয়াই নাই। এই মাষ্টাৰেই সাক্ষী। সোধা বাৰু।
মাষ্টাৰ— হয়, আই দেউতা, ডাঙৰীয়াই বোপা দেউতাক একো কোৱা নাই। টকা এটানো কি?
ভদ্ৰেঃ মাক— হয়নে ঔ, গৰুটো; দেউতাই নাই মৰা যদি আকৌ মৰা বুলি কৈছিলি কেলেই?
ভদ্ৰেশ্বৰ— (বাহিৰলৈ লৰি আহি) মইতো মৰা বুলি কোৱা নাই। মই দেউতা বোলোঁতেই দেখোন তয়েই দৌৰি আহি এইখন লগালি। এতিয়া আকৌ মোৰ গাত দিছে।
ভদ্ৰেঃ মাক— তেওঁৰ গাত দিছে। চাও ইয়াকে কিল দিওঁ বাপেকে! মানুহৰ আগত লাজ-লঘু কৰি মাৰিলে এই বাপেক-পুতেক হালে। (টানি নি মাৰে)
ভদ্ৰেশ্বৰ— (হাওঁ হাওঁ কৰি কান্দি ভিতৰৰ পৰা দৌৰি আহি আৰু চাৰিওফালে দৌৰাদৌৰি কৰি মন্ত্ৰ মাতে)
ভদ্ৰেঃ পিতা— ইঃ ল’ৰাটোৰ কি হল? কি কৰিলা ল’ৰা টোক? চাও কি হল। কি হল?
মাষ্টাৰ— ইঃ কি হল, কি হল ঔ! টকা এটানো কি হল?
[৮০]